#খুব_গুৰুত্বপূৰ্ণ_এটি_হাদীছ: গ্ৰন্থ: ছহীহ মুছলিম (ই.ফা.), অধ্যায়: ১/ কিতাবুল ঈমান, হাদিছ নম্বৰ: ১¸ ৭ ১. ঈমান, ইছলাম আৰু ইহছান প্রসঙ্গ, তাকদীৰত বিশ্বাসৰ আৱশ্যকতা, যি ব্যক্তিয়ে তাকদীৰ অবিশ্বাস কৰে তেওঁৰ লগত সম্পর্কচ্ছেদ অপৰিহার্য হোৱাৰ দলীল আৰু তেওঁৰ সম্পর্কে কঠোৰ ভাষা ব্যৱহাৰ। আবুল হুছাইন মুছলিম ইবনুল হাজ্জাজ আল-কুশ্বায়ৰী (ৰহ.)য়ে কৈছে, আল্লাহ্ তা’আলাৰ সাহায্যত আৰম্ভ কৰিছোঁ আৰু প্রার্থনা কৰিছোঁ যেন তেৱেঁই মোৰ বাবে যথেষ্ট হৈ যায়। বস্তুতঃ মহান আল্লাহ্ৰ সাহায্য অবিহনে আমাৰ একোৱেই কৰাৰ সামর্থ্য নাই। ১। আবূ খায়চামা যুহায়ৰ ইবনু হাৰব (ৰহ.)য়ে ইয়াহইয়া ইবনু ইয়া’মাৰ (ৰহ.)ৰ পৰা বর্ণনা কৰে। তেওঁ কৈছে (ইয়াহইয়া ইবনু ইয়া’মাৰ) কৈছে, সর্বপ্রথম তাকদীৰ সম্পর্কে বছৰা চহৰত মাবাদ আল জুহানীয়ে কথা দাঙি ধৰে। মই (ইয়াহইয়া ইবনু ইয়া’মাৰ) আৰু হুমায়দ ইবনু আব্দুৰ ৰহমান আল হিমায়ৰী হজ্জ অথবা উমৰা আদায়ৰ কাৰণে মক্কা মু’আযযামালৈ আহিলোঁ। আমি নিজৰ মাজত আলোচনা কৰিছিলোঁ যে, যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কোনো চাহাবীৰ সাক্ষাৎ পাওঁ, তেনেহ’লে তেওঁৰ ওচৰত এইসকল লোকে তাকদীৰ সম্পর্কে যি কৈ ফুৰিছে, সেই বিষয়ে প্ৰশ্ন কৰিম। সৌভাগ্যক্রমে মছজিদে নববীত আমি আব্দুল্লাহ ইবনু উমৰ ইবনু খাত্তাব (ৰা.)ক দেখা পাওঁ। আমি তেওঁৰ ওচৰলৈ গৈ এজন তেওঁৰ সোঁ-ফালে আৰু আন এজন বাওঁ-ফালে বহিলোঁ। মোৰ ভাৱ হ’ল, মোৰ সঙ্গীয়ে চাওঁক যে, ময়েই কথা কওঁ। মই আৰয কৰিলোঁ, হে আবূ আব্দুৰ ৰহমান! আব্দুল্লাহ ইবনু উমৰ (ৰা.)ৰ কুনিয়াত আছিল আবূ আব্দুৰ ৰহমান। আমাৰ দেশত এনেকুৱা কিছুমান লোকৰ আৱির্ভাব হৈছে যিসকলে কুৰআন পাঠ কৰে আৰু ইল্মে দ্বীন সম্পর্কে গৱেষণা কৰে। তেওঁ তেওঁলোকৰ অৱস্থা সম্পর্কে আৰু কিছু উল্লেখ কৰি কয় যে তেওঁলোকে ভাৱে তাকদীৰ বুলি একো নাই। সকলোবোৰ তাৎক্ষণিকভাৱে ঘটে। আব্দুল্লাহ ইবনু উমৰ (ৰা.)য়ে ক’লে, তেওঁলোকৰ সৈতে তোমালোকৰ দেখা হ’লে কৈ দিবা যে, তেওঁলোকৰ সৈতে মোৰ কোনো সম্পর্ক নাই আৰু মোৰ লগত তেওঁলোকৰো কোনো সম্পর্ক নাই। আল্লাহৰ কচম! যদি এওঁলোকৰ কোনোবাই উহুদ পাহাৰ পৰিমাণ সোণৰ মালিক হয় আৰু তাক আল্লাহৰ ৰাষ্টাত খৰচ কৰে, তাকদীৰৰ প্রতি বিশ্বাস নকৰা পর্যন্ত আল্লাহে তাক কবুল নকৰিব। তাৰ পিছত তেওঁ ক’লে, মোক মোৰ পিতা উমৰ ইবনু খাত্তাব (ৰা.)য়ে হাদীছ শুনাইছে যে, এদিনাখন আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ খিদমতত আছিলোঁ। এনেকুৱা সময়ত এজন লোক আহি আমাৰ ওচৰত উপস্থিত হ’ল। তেওঁৰ পৰিধানৰ কাপোৰ আছিল ধকধকীয়া বগা, মূৰৰ চুলি আছিল কিচকিচিয়া ক’লা। তেওঁৰ মাজত ভ্ৰমণৰ কোনো চিহ্ন নাছিল। আমি কোনেও তেওঁক চিনি নাপাওঁ। তেওঁ নিজৰ দুই আঁঠু নাবী চাল্লাল্লাহু আলাইহি ওৱা ছল্লামৰ দুই আঁঠুৰ সৈতে লগাই বহি পৰিল আৰু তেওঁৰ দুই হাত নাবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ দুই উৰুৰ ওপৰত ৰাখিলে। তাৰ পিছত তেওঁ ক’লে, হে মুহাম্মদ! মোক ইছলাম সম্পর্কে অৱহিত কৰক। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ক’লে- ইছলাম হ’ল, তুমি এই কথাৰ সাক্ষ্য প্রদান কৰিবা যে, আল্লাহৰ বাহিৰে কোনো ইলাহ নাই আৰু নিশ্চয় মুহাম্মাদ আল্লাহৰ ৰাছুল, ছালাত কায়েম কৰিবা, যাকাত আদায় কৰিবা, ৰমজানৰ ৰোজা পালন কৰিবা আৰু বায়তুল্লাহ যোৱাৰ সামর্থ্য থাকিলে হজ্জ পালন কৰিবা। আগন্তুকে ক’লে, আপুনি ঠিকেই কৈছে। তেওঁৰ কথা শুনি আমি বিস্মিত হ’লো যে, তেৱেঁই প্রশ্ন কৰিছে আকৌ তেৱেঁই তাক সত্যায়িত কৰিছে। আগন্তুকে ক’লে, মোক ঈমান সম্পর্কে অৱহিত কৰক। ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ক’লে- ঈমান হ’ল আল্লাহৰ প্রতি, তেওঁৰ ফিৰিস্তাসকলৰ প্রতি, তেওঁৰ কিতাবসমূহৰ প্রতি, তেওঁৰ ৰাছুলসকলৰ প্রতি আৰু আখিৰাতৰ প্রতি ঈমান আনিবা, আৰু তাকদীৰৰ ভাল-বেয়াৰ প্রতি ঈমান ৰাখিবা। আগন্তুকে ক’লে, আপুনি ঠিকেই কৈছে। তাৰ পিছত ক’লে, মোক ইহছান সম্পর্কে অৱহিত কৰক ৰাছুল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ক’লে- ইহছান হ’ল, এনেদৰে ইবাদত-বন্দেগী কৰিবা যেন তুমি আল্লাহক দেখিছা, যদি তুমি তেওঁক নেদেখাও, তেনেহ’লে ভাৱিবা তেওঁ তোমাক দেখিছে। আগন্তুকে ক’লে, মোক কিয়ামত সম্পর্কে অৱহিত কৰক। ৰাছুল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ক’লে- এই বিষয়ে প্রশ্নকাৰীতকৈ যাক প্ৰশ্ন কৰা হৈছে তেওঁ অধিক অৱহিত নহয়। আগন্তুকে ক’লে, মোক ইয়াৰ আলামত সম্পর্কে অৱহিত কৰক। ৰাছুল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ক’লে- যেতিয়া দেখিবা, দাসীয়ে তাইৰ মুনিবক জন্ম দিছে; আৰু দেখিবা নগ্নপদ, বস্ত্রহীন¸ বধিৰ ও মূৰ্খসকল দেশৰ শাসক হ’ব। আৰু যেতিয়া দেখিবা¸ দৰিদ্র মেষপালকসকল ডাঙৰ ডাঙৰ অট্টালিকাৰ প্রতিযোগিতাত গর্বিত। এইবোৰ কিয়ামতৰ নিদৰ্শন। পাঁচটা অদৃশ্য বিষয়ে আল্লাহৰ বাহিৰে কোনেও একো নাজানে। তাৰ পিছত (তেওঁ কুৰআনুল কৰীমৰ আয়াত) তিলাওৱাত কৰিলে- “নিশ্চয় আল্লাহ তেওঁৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে অহাকালি সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।” [ছূৰা লোকমান: ৩৪] উমৰ ইবনু খাত্তাব (ৰা.)য়ে কৈছে যে, পিছত আগন্তুকে প্রস্থান কৰিলে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে চাহাবীসকলক ক’লে: তেওঁক মোৰ ওচৰলৈ ওভতাই আনা। তেওঁক তালাচ কৰা হ’ল¸ কিন্তু পোৱা নগ’ল। মই কিছুসময় অপেক্ষা কৰিলোঁ। তাৰ পিছত ৰাছুল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে মোক ক’লে- হে উমৰ! তুমি জানানে, এই প্রশ্নকাৰী কোন? মই আৰয কৰিলোঁ, আল্লাহ আৰু তেওঁৰ ৰাছুলেই সম্যক জ্ঞাত আছে। ৰাছুল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ক’লে- তেওঁ জিব্ৰাঈল। তোমালোকক তেওঁ দ্বীন শিক্ষা দিবলৈ আহিছিল।