আবূ ছাঈদ খুদৰী ৰাদিয়াল্লাহু আনহুৰ পৰা বর্ণিত তেওঁ কৈছে, এবাৰ নবী ছাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰত বহিলে আৰু আমি তেওঁৰ আশে পাশে বহিলো। তেওঁ (ছাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লেঃ
“মোৰ পিছত তোমালোকৰ বিষয়ে মই যি আশঙ্কা কৰিছো সেয়া হ’ল এই যে, দুনিয়াৰ চাকচিক্য ও সৌন্দর্য (ধন-সম্পদ) তোমালোকৰ সন্মুখত খুলি দিয়া হ’ব।”
এজন ছাহাবীয়ে ক’লে, হে আল্লাহৰ ৰাছুল! কল্যাণ কেতিয়াবা অকল্যাণ কঢ়িয়াই আনে নেকি? এইখিনিতে নাবী ছাল্লাল্লাহু আলাইহি অছাল্লামে নীৰব হৈ ৰ’ল। প্রশ্নকাৰীক কোৱা হ’ল, তোমাৰ কি হৈছে? তুমি নাবী ছাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত কথা কৈছা, কিন্তু তেওঁ তোমাক উত্তৰ দিয়া নাই? তেতিয়া আমি অনুভৱ কৰিলো যে, নাবী ছাল্লাল্লাহু আলাইহি অছাল্লামৰ উপৰত ওহী নাযিল হৈছে। বর্ণনাকাৰী ক’লে, ইয়াৰ পিছত তেওঁ (ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে) তেওঁৰ ঘাম মুছিলে আৰু ক’লেঃ
” প্রশ্নকাৰীজন ক’ত?”
তাৰ প্রশ্নৰ প্রশংসা কৰি ক’লে,
“কল্যাণ কেতিয়াও অকল্যাণ কঢ়িয়াই নানে। অৱশ্যে বসন্ত কালত যি ঘাহ উৎপন্ন কৰে সেয়া(আটাইখিনিয়েই সুস্বাদু আৰু কল্যাণকৰ কিন্তু) কেতিয়াবা হয়তো (ভোজনকাৰী প্রাণীৰ) জীৱন নাশ কৰে অথবা তাক মৃত্যুৰ ওচৰা-ওচৰিলৈ লৈ যায়। গতিকে সেই তৃণভোজী জন্তু, যি পেট ভৰাই খোৱাৰ পিছতো সূর্যৰ তাপ গ্রহণ কৰে আৰু মল ত্যাগ কৰে, প্রস্রাৱ কৰে আৰু পুনৰাই জীৱন-যাপন কৰে (সেই মৃত্যুৰ পৰা ৰক্ষা পায় তেনেকৈ) এই সম্পদ হ’ল আকর্ষণীয় সুস্বাদু। গতিকে সেইজনেই ভাগ্যৱান মুছলিম, যিয়ে এই সম্পদৰ পৰা মিছকীন, ইয়াতীম আৰু মুছাফিৰক দান কৰে অথবা নাবী ছাল্লাল্লাহু আলাইহি অছাল্লামে যিদৰে কৈছে, আৰু যি ব্যক্তি এই সম্পদ অন্যায়ভাবে উপার্জন কৰে, সি, সেই ব্যক্তিৰ ন্যায়, যি খাই থাকে আৰু তাৰ পেট নভৰে। ক্বিয়ামাতে দিনা সেই সম্পদ তাৰ বিপক্ষে সাক্ষি দিব।”
(ছহীহ বুখাৰীঃ ১৪৬৫)