ইছলামৰ দৃষ্টিত হস্তমৈথুন

@ইছলামৰ দৃষ্টিত হস্তমৈথুন @
আল্লাহ তাআলাৰ দিয়া এই সুন্দৰ যৌৱন কালটোক ক্ষয় কৰাৰ বাবে যি ব্যক্তিয়ে তাৰ স্বয়ং গোপন অংগৰ পিছত লাগি যায় আৰু নিজৰ হাত দি এইটো চৰ্চা কৰাত ব্যস্ত হয় পৰে , তেওঁৰ এই হাত পৰকালত সাক্ষী দিব যে , তেও এই পাপ কিমান বাৰ কত কত কৰিছে ৷ যিটো পবিত্ৰ কোৰআনত আহিছে → ٦٥:٣٦
الْيَوْمَ نَخْتِمُ عَلَىٰ أَفْوَاهِهِمْ وَتُكَلِّمُنَا أَيْدِيهِمْ وَتَشْهَدُ أَرْجُلُهُمْ بِمَا كَانُوا يَكْسِبُونَ
৩৬:৬৫
আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ।(৩৬:৬৫)

ৰাছুল ছাঃ কৈছেঃ, “যি ব্যক্তি নিজৰ জিহ্বা আৰু লজ্জাস্হান জামিন হব মই তেওঁৰ জান্নাতৰ কাৰণে জামিন হম ৷ (বুখাৰী , মিশকাত)
উক্ত হাদীছৰ পৰা প্ৰমাণিত হল , মানৱ দেহৰ এই দুটা অংগ অত্যন্ত দুৰ্বল আৰু বিপদজনক ৷ এই দুটা অংগৰ মাধ্যমে বিশেষ ভাৱে লজ্জাস্হানৰ মাধ্যমে পাপ কৰোৱাৰ শয়তানৰ কাৰণে অতি সহজ ৷ এই দুটা অংগৰ মাধ্যমে বেশীভাগ পাপ হয় থাকে ৷ যদি কোনো ব্যক্তি এই দুটা অংগৰ হিফাজত কৰে  , বিশেষ ভাৱ যুৱক অৱস্হায় লিংগৰ হিফাজত কৰে অৰ্থাৎ কোনো প্ৰকাৰে হাৰাম ভাৱে বীৰ্যপাট নঘটায় তেনেহলে তেওঁ জান্নাতত প্ৰৱশ কৰাৰ বাবে অতি সহজ হৈ পৰিব ৷

এটা হাদীছত আহিছে →
“এদিন ৰাছুলুল্লাহ ছাঃ যুৱক সকলক লক্ষ্য কৰি কলে , হে যুৱক সকল ! তোমালোকৰ মাজত যিসকলে বিবাহৰ দায়িত্ব পালনৰ যোগ্যতা আছে , তেওঁলোকৰ বিবাহ কৰা উচিত ৷ কিয়নো বিবাহে দৃষ্টিক সংযত ৰাখে আৰু লজ্জাস্হানৰ হিফাজত কৰে ৷ আৰু যি জনে বিবাহৰ দায়িত্ব পালনৰ অযোগ্য তাৰ উচিত (লজ্জাস্হন হিফাজতৰ বাবে)  ৰোজা ৰাখা ৷  ( বুখাৰী মুছলিম)
লজ্জা সম্পৰ্কে ৰাছুল ছাঃ কৈছেঃ
“লজ্জাশীলতা কল্যাণ কঢ়িয়াই আনে ৷”(বুখাৰী , মুছলিম)৷

ইছলামৰ দৃষ্টিত হস্তমৈথুন হাৰাম আৰু কবীৰা গুণাহ ৷শ্বৰীয়ত অনুযায়ী যিসকলে হস্তমৈথুন কৰে তেওঁলোক সীমালংগনকাৰী ৷٧:٢٣
فَمَنِ ابْتَغَىٰ وَرَاءَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْعَادُونَ
২৩:৭
এতেকে যিসকলে ইয়াৰ বাহিৰে আনক কামনা কৰিব, সিহঁতেই হ’ব সীমালঙ্ঘনকাৰী,

হস্তমৈথুনৰ দ্বাৰা প্ৰধান যিবিলাক সমস্যা দেখা দিবঃ
১) পুৰুষে হস্তমৈথুন কৰি থাকিলে তেওঁ লাহে লাহে নপুংসক হয় ৷অৰ্থাৎ যৌন সংগম স্হাপন কৰাত অক্ষম হয় ৷
২) আৰু এটা সমস্যা হল অকাল বীৰ্যপাত ৷ ফলত স্বামী তাৰ স্ত্ৰীক সন্তুষ্টি কৰাত অক্ষম হয় ৷
৩) অকাল বীৰ্যপাত হলে বীৰ্যে শুক্ৰণাুৰ সংখ্যা কমি যায় ৷ তেতিয়া বীৰ্যত শুক্ৰাণুৰ সংখ্যা হয় ২০ মিলিয়নৰ কম ৷ যাৰ ফলত সন্তান জন্মদানত ব্যৰ্থতা দেখা দিয়ে ৷
৪) অতিৰিক্ত হস্তমৈথুন পুৰুষৰ যৌনাঙ্গক দুৰ্বল কৰি দিয়ে ৷

Dr. Liu said→ “There is a huge change in body chemistry when one masturbates excessively”

আৰু শৰীৰ অন্যান্য যিবলাক ক্ষতি হয় →
১) চকুৰ ক্ষতি হয়৷
২) স্মৰণ শক্তি কমি যায়৷
৩) মুৰৰ বিষ হয় ৷
৪) আৰু এটা সমস্যা হল Leakage of semen . অৰ্থাৎ সামান্য উত্তেজনায় যৌনাঙ্গ পৰা তৰল পদাৰ্থ বাহিৰ হয় ৷

ৰাছুল ছাঃ কৈছে, যি ব্যক্তি মোক তেওঁৰ দুই চোৱালৰ মধ্যৱৰ্তী অংগ ( জিহ্বা) আৰু দুই ভৰিৰ মধ্যৱৰ্তী অংগ (যৌনাঙ্গ) নিশ্চয়তা  (সঠিক ব্যৱহাৰৰ) দিব মই তেওঁৰ জান্নাতৰ নিশ্চয়তা দিম ৷” (বুখাৰী)

Leave a comment