💢 উত্তৰ : বিবাহ মানৱজাতিৰ বাবে আল্লাহ প্রদত্ত অন্যতম প্রধান নিয়ামত। আল্লাহে কৈছে : َআৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, “তেৱেঁই তোমালোকৰ বাবে তোমালোকৰ মাজৰ পৰা তোমালোকৰ যোৰা সৃষ্টি কৰিছে, যাতে তোমালোকে সিহঁতৰ পৰা প্ৰশান্তি লাভ কৰা আৰু তেৱেঁই তোমালোকৰ মাজত পাৰস্পৰিক প্ৰেম আৰু স্নেহ সৃষ্টি কৰিছে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন সেই সম্প্ৰদায়ৰ বাবে যিসকলে গৱেষণা কৰে।” (ছূৰা ৰূম- ২১)
সেইকাৰণে বিবাহ সহজে সম্পন্ন হোৱা জৰুৰী। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, সর্বোত্তম বিবাহ হ’ল যি সহজভাৱে সম্পন্ন হয় (ইবনু হিব্বান, ছহীহুল জামে‘ হা/৩৩০০)। আৰু বিবাহৰ প্রধান চৰ্ত হ‘ল মোহৰানা আদায় কৰা (মুত্তাফাক্ব আলাইহ, মিচকাত হা/৩১৪৩)। ইয়াৰ পৰিমাণ চৰিয়তৰ দ্বাৰা নির্ধাৰিত নহয়। কিন্তু পৰিমাণত সেইটো যিমান কম হয়, সিমানেই উত্তম। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, শ্রেষ্ঠ মোহৰানা সেইটো যিটো সহজে পৰিশোধযোগ্য (বায়হাক্বী, ছহীহুল জামে‘ হা/৩২৭৯)। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘ছোৱালীসকলৰ মোহৰানা সীমাহীন নকৰিবা। কিয়নো সীমাহীন মোহৰানা নির্ধাৰণে যদি পৃথিৱীত সন্মান অথবা আখেৰাতত তাক্বওৱা অর্জনৰ কাৰণ হ’লহেতেন, তেন্তে এনে মোহৰানা প্রদানত আল্লাহৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আগ্রহী হল’হেতেন। কিন্তু তেওঁ তেওঁৰ কোনো স্ত্রী বা কন্যাৰ মোহৰনা ১২ উক্বিয়া বা ৪৮০ দিৰহামৰ অধিক নির্ধাৰণ কৰা নাই’ (আহমাদ, তিৰমিযী, নাছাঈ প্রভৃতি মিচকাত ‘মোহৰানা’ অধ্যায় হা/৩২০৪)। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কুৰআন শিক্ষা প্রদান, লোহাৰ আঙুঠি (বুখাৰী, মুছলিম, মিচকাত হা/৩২০২), আনকি ইছলাম গ্রহণৰ চৰ্ততো বিবাহ প্রদান কৰাইছিল (নাছাঈ, মিচকাত হা/৩২০৯)।
অৱশ্যে স্ব-ইচ্ছাই স্ত্রীক মোহৰানা বেছিও প্রদান কৰিব পৰা যায়। এজন ছাহাবীয়ে তেওঁৰ স্ত্রীক সেই যুগত এক লাখ দিৰহাম সমমূল্যৰ জমি প্রদান কৰিছিল (হাকেম, আবুদাঊদ, ইৰওৱা হা/১৯২৪ ও ৪০)। বাদচাহ নাজাশীয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লমৰ এগৰাকী স্ত্রী উম্মে হাবীবাহৰ মোহৰানা প্রদান কৰিছিল। যাৰ পৰিমাণ আছিল সেইযুগৰ চাৰি হেজাৰ দিৰহাম (নাছাঈ, মিচকাত হা/৩২০৮)।
‘মোহৰে ফাতেমী’ বুলি ইছলামত কোনো পৰিভাষা নাই। মোহৰে ফাতেমী তথা বিশেষ ফযীলতৰ আশাত ফাতেমা ৰাদ্বিয়াল্লাহু আনহাক প্রদত্ত মোহৰানা অনুসৰণ কৰা চিয়াসকলৰ আবিষ্কৃত ৰীতি। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আলী ৰাদ্বিয়াল্লাহু আনহুক তেওঁৰ প্রশস্ত আৰু ভাৰী ঢালখনক মোহৰানা হিচাবে ফাতিমা (ৰাদ্বিয়াল্লাহু আনহাক দিয়াৰ নির্দেশ প্রদান কৰিছিল (নাছাঈ হা/৩৩৭৫)। সেইবাবে এইটো অনুসৰণত বিশেষ কোনো ফযীলত আছে, তেনে নহয়।