ইছলামত ক্রীতদাসী ও যুদ্ধবন্দিনীৰ সৈতে যৌন সম্পর্কৰ বৈধতাৰ স্বৰূপ: এটি পর্যালোচনা।

ইছলামত ক্রীতদাসী ও যুদ্ধবন্দিনীৰ সৈতে যৌন সম্পর্কৰ বৈধতাৰ স্বৰূপ:
এটি পর্যালোচনা।

ইছলামক আক্রমণ কৰাৰ অন্যতম মোক্ষম অস্ত্র ইছলামবিদ্বেষীসকলে প্ৰচাৰ কৰে যে, ইছলামে ক্রীতদাসী ও যুদ্ধবন্দিনীসকলৰ সৈতে যৌন-সম্পর্ক স্থাপনৰ সুযোগ কৰি দিছে আৰু ক্রীতদাসী ও যুদ্ধবন্দিনীসকলক যৌনদাসীত পর্যবসিত কৰিছে। এই সম্পর্কে বিস্তাৰিত নজনাৰ কাৰণে বহু ভায়ে নাস্তিকসকলৰ জবাব দিবলৈ গৈ থমকি ৰয়।

#⃣ক্রীতদাসীৰ সৈতে দৈহিক সম্পর্কৰ যৌক্তিকতা:

⏩⏩ইছলামত উপপত্নী ও স্ত্রীৰ মর্যাদা একে:

ইছলামত উপপত্নী বহু দিশৰ ফালৰ পৰা স্ত্রীৰ সৈতে সাদৃশ্যপূর্ণ। উপপত্নী সংক্ৰান্তীয় বহু বিধানেই স্ত্রীৰ বিধানৰ সৈতে মিল ৰাখি কৰা হৈছে। তলত কিছু সাদৃশ্য দাঙি ধৰা হ’ল:

📒নিজৰ স্ত্রীৰ কাৰণে যেনেকৈ স্বামীৰ বাহিৰে অন্য কাৰো সৈতে শাৰীৰিক সম্পর্ক বৈধ নহয়, তেনেকৈ উপপত্নী ক্রীতদাসীৰ কাৰণে মুনিবৰ বাহিৰে অন্য কোনো পুৰুষৰ সৈতে শাৰীৰিক সম্পর্ক বৈধ নহয়। অর্থাৎ স্ত্রী আৰু উপপত্নী উভয়েই একেলগে কেৱল-মাত্ৰ এজন পুৰুষৰ সৈতে দৈহিক সম্পর্ক ৰাখিব পাৰে।

📒কোনো পুৰুষে বিবাহ-বহির্ভূতভাৱে কোনো স্বাধীন নাৰীৰ সৈতে যেনেকৈ দৈহিক সম্পর্ক ৰাখিব নোৱাৰে, তেনেকৈ নিজ মালিকাধীন ক্রীতদাসীৰ বাহিৰে অন্য কোনো নাৰীক উপপত্নী হিচাবে গ্রহণ কৰিব নোৱাৰে। আনকি নিজ স্ত্রীৰ মালিকাধীন ক্রীতদাসীৰ সৈতে দৈহিক সম্পর্ক স্থাপনকো ব্যভিচাৰ হিচাবে গণ্য কৰা হয়। [১]

📒একেদৰে দুই সহোদৰ ভগ্নীক যেনেকৈ বিবাহ কৰা নিষিদ্ধ, তেনেকৈ একেলগে দুই সহোদৰ ক্রীতদাসীকো উপপত্নী হিচাবে গ্রহণ কৰা নিষেধ।[২]

📒পিতাৰ উপপত্নী ক্রীতদাসীৰ অৱস্থান সন্তানৰ কাৰণে নিজৰ মাতৃৰ দৰে। পিতাৰ উপপত্নী ক্রীতদাসী পুত্ৰৰ কাৰণে তেনেদৰেই হাৰাম যেনেকৈ তাৰ নিজ মাতৃৰ কাৰণে হাৰাম। [৩]

📒নিজ স্ত্রীৰ সন্তান যেনেকৈ বৈধ ও স্বীকৃত, তেনেকৈ উপপত্নী ক্রীতদাসীৰ সন্তানো বৈধ ও স্বীকৃত।

📒উপপত্নী ক্রীতদাসীৰ সন্তান, স্ত্রীৰ সন্তানৰ দৰেই মুক্ত সন্তান হিচাবে পৰিগণিত হয়।

📒উপপত্নী ক্রীতদাসীৰ সন্তান স্ত্রীৰ সন্তানসকলৰ দৰেই পিতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী।

⏩⏩দাসী বিবাহ কৰাৰ পদ্ধতি:

🔖নিজ ক্রীতদাসীক বিবাহ কৰা: দাসত্ব থকা অৱস্থাত নিজ ক্রীতদাসীক বিবাহ কৰিব পৰা নাযায়। কোনো মুনিবে যদি নিজ ক্রীতদাসীক বিবাহ কৰাব বিচাৰে, তেনেহ’লে তেওঁক মুক্ত কৰি বিবাহ কৰাব লাগিব। অর্থাৎ আগতে তেওঁক স্বাধীন কৰিব লাগিব, ইয়াৰ পিছত স্বাধীন নাৰী হিচাবে তেওঁক বিবাহ কৰাব পৰিব। এনে ধৰণৰ বিবাহক ইছলামত উৎসাহ দিয়া হৈছে। [৪]

🔖অন্যৰ ক্রীতদাসীক বিবাহ কৰা:

অন্যৰ ক্রীতদাসীক মালিকৰ অনুমতিক্রমে বিবাহ কৰাব পৰা যায়।[৫]

⏩⏩অবৈবাহিক বা উপবৈবাহিক (concubinage) পদ্ধতি:

📰📰উপপত্নী ও উপবৈবাহিক বন্ধন অন্যান্যসকলৰ পদ্ধতি:

উপবৈবাহিক বন্ধনৰ (concubinage) ইছলামপূর্ব প্রচলন আগতেই আছিল।[সূত্র: উইকিপিডিয়া]

কুৰআন অৱতীৰ্ণ হোৱাৰ বহু আগৰ পৰাই উপপত্নী গ্রহণ কৰা সামাজিকভাৱে স্বীকৃত এটি বিষয় আছিল।

📄প্রাচীন গ্ৰীচত, উপপত্নী (গ্রীক “pallakis”) ৰখাৰ প্রচলনৰ কথা সামান্য পৰিমাণে লিপিবদ্ধ থাকিলেও এথেনিয়ান ইতিহাস জুৰিয়েই সেয়া বিদ্যমান আছিল। hetaera ৰ কিছু ব্যাখাত কোৱা হয়, তেওঁলোক আছিল উপপত্নী যিসকলৰ কোনো এজন পুৰুষৰ লগত স্থায়ী সম্পর্ক আছিল।

📄প্রাচীন ৰোমত ‘উপবিবাহ’ আছিল এটি প্রচলিত প্রতিষ্ঠান যিয়ে এজন পুৰুষক স্ত্রীভিন্ন এনে এজনী নাৰীৰ (concubina, বহুবচনত concubinae) সৈতে এটি অলিখিত কিন্তু স্বীকৃত বন্ধনত আবদ্ধ হোৱাৰ অনুমতি প্রদান কৰে, যাৰ তলত সামাজিক মর্যাদা বিবাহৰ কাৰণে প্রতিবন্ধক আছিল। ধর্মীয় আৰু পাৰিবাৰিক সংহতিৰ কাৰণে হুমকিস্বৰূপ নোহোৱালৈকে ‘উপবিবাহ’ গ্রহণযোগ্য আছিল। “concubina” বুলি পৰিচিত হোৱাক অসন্মানজনক বুলি বিবেচনা কৰা হোৱা নাছিল, কিয়নো এই উপাধি প্রায়েই সমাধিপ্রস্তৰত খোদিত আছিল।

📄প্রাচীন চীনত, সফল পুৰুষসকলে প্রায়েই একাধিক উপপত্নী প্রতিপালন কৰিছিল- চীনা সম্রাটসকলে ৰাখিছিল হাজাৰ হাজাৰ।

📰📰উপপত্নী সম্পর্কে ইছলামৰ দৃষ্টিভঙ্গী:

কোনো স্বাধীন নাৰীক উপপত্নী হিচাবে গ্রহণৰ কোনো সুযোগ ইছলামত নাই।

কিন্তু সমাজত দাসপ্রথা বিদ্যমান থাকিলে নিজ ক্রীতদাসীক উপপত্নী হিচাবে গ্রহণৰ অনুমতি ইছলামত আছে (বণ্টনকৃত যুদ্ধবন্দিনীও ক্রীতদাসী হিচাবে পৰিগণিত)। যি ক্রীতদাসীৰ সৈতে তেওঁৰ মুনিবে শাৰীৰিক সম্পর্ক স্থাপন কৰে, তেওঁ অন্যান্য ক্রীতদাসীৰ পৰা পৃথক হৈ যায়। এনে ধৰণৰ ক্রীতদাসীক কোৱা হয় চাৰিয়্যাহ বা উপপত্নী। আৰবী চাৰিয়্যাহ শব্দটি ‘চিৰিৰ পৰা অহা যাৰ অর্থ বিবাহ। উপপত্নীৰ সৈতে সম্পর্ক স্থাপনকাৰী পুৰুষৰ কোনো বৈবাহিক চুক্তি সম্পাদিত নহয়, কিন্তু সামাজিকভাৱে স্বীকৃত এনে এটি বৈধ সম্পর্ক স্থাপিত হয় ইছলামে যাৰ অনুমোদন প্রদান কৰে।

#⃣ ইয়াৰ পিছতো ক্রীতদাসী আৰু যুদ্ধবন্দিনীসকলৰ সৈতে দৈহিক সম্পর্ক ইছলামেই কন্ট্রোল কৰিছে:

📓বণ্টন হোৱাৰ আগেয়ে কোনো যুদ্ধবন্দিনীৰ সৈতে দৈহিক সম্পর্ক স্থাপন কৰা নিষিদ্ধ[৬]

📓যুদ্ধক্ষেত্ৰত স্বামীসহ ধৃত যুদ্ধবন্দিনীসকলৰ সৈতে দৈহিক সম্পর্ক স্থাপন কৰা নিষিদ্ধ।[৭]

📓যদি যুদ্ধক্ষেত্ৰত স্বামী আৰু স্ত্রী উভয়েই একেলগে অথবা এজনক যুদ্ধক্ষেত্রৰ পৰিধিৰ বাহিৰলৈ লৈ যোৱাৰ আগেয়ে অন্যজন যুদ্ধবন্দী/বন্দিনী হিচাবে ধৃত হয়, তেনেক্ষেত্ৰত তেওঁলোকৰ বিবাহ-বন্ধন অক্ষুন্ন থাকিব, ফলত উক্ত যুদ্ধবন্দিনীৰ সৈতে স্বামী ভিন্ন অন্য কাৰো দৈহিক সম্পর্ক স্থাপন অবৈধ হ’ব। যদি কেৱল-মাত্ৰ এজন যুদ্ধক্ষেত্রত ধৃত হৈ ইছলামী সীমান্তত উপস্থিত হয়, সেইক্ষেত্রত তেওঁলোকৰ বিবাহ বন্ধন বিচ্ছিন্ন হিচাবে গণ্য হ’ব। [৮]

📓ইদ্দতকাল অতিবাহিত হোৱাৰ আগেয়ে ক্রীতদাসী/যুদ্ধবন্দিনীৰ সৈতে দৈহিক সম্পর্ক স্থাপন কৰা নিষিদ্ধ। ক্রীতদাসী ক্রয় কৰিলেই বা বন্টনকৃত যুদ্ধবন্দিনী লাভ কৰাৰ লগে লগেই এজন মুছলিমৰ কাৰণে তেওঁৰ সৈতে দৈহিক সম্পর্ক স্থাপন কৰা বৈধ হৈ নাযায়, বৰং এক ইদ্দতকাল (তথা এটি মাহেকীয়া চক্র) অতিবাহিত হোৱাৰ আগেয়ে তেওঁলোকৰ সৈতে মিলিত হোৱা নিষিদ্ধ। [এই নিয়ম সেইসকল ক্রীতদাসী/যুদ্ধবন্দিনীৰ কাৰণে যিসকল গৰ্ভৱতী নহয়] [৯]

📓ক্রয়কৃত ক্রীতদাসী বা বন্টনকৃত যুদ্ধবন্দিনী যদি গৰ্ভৱতী হয়, তেন্তে সন্তান প্ৰসৱৰ আগেয়ে তেওঁৰ সৈতে দৈহিক সম্পর্ক স্থাপন কৰা নিষিদ্ধ।[১০]

📓যদি মুনিবৰ অনুমতিক্রমে কোনো ক্রীতদাসী অন্য কোনো পুৰুষৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হয়, সেইক্ষেত্রত মুনিবৰ কাৰণে উক্ত ক্রীতদাসীৰ সৈতে দৈহিক সম্পর্ক বাদেই আনকি যৌনাঙ্গৰ ফালে দৃষ্টিপাত কৰাও নিষিদ্ধ হৈ যায়। [১১]

📓যদি সহোদৰ দুই ভগ্নী কোনো ব্যক্তিৰ ক্রীতদাসী হিচাবে থাকে, মুনিবে কোনো এজনীৰ সৈতে দৈহিক সম্পর্কত জড়িত থকা অৱস্থাত অন্য জনীৰ সৈতে সম্পর্ক স্থাপন কৰিব নোৱাৰে। [১২]

📓নিজৰ মালিকাধীন ক্রীতদাসী ব্যতীত অন্য কাৰো ক্রীতদাসীৰ সৈতে বিবাহ-বহির্ভূত দৈহিক সম্পর্ক নিষিদ্ধ (আনকি নিজৰ স্ত্রীৰ ক্রীতদাসীৰ সৈতেও) আৰু সেইটো ব্যভিচাৰ হিচাবে পৰিগণিত। [১৩]

#⃣ক্রীতদাসীৰ সৈতে মুনিবৰ দৈহিক সম্পর্কক অনুমোদনৰ যৌক্তিকতা:

⏩ক্রীতদাসীৰ জৈৱিক চাহিদা পূৰণ নিশ্চিতকৰণ:

ইছলামত প্ৰতিগৰাকী প্রাপ্তবয়স্ক পুৰুষ-মহিলাৰ যৌন চাহিদাৰ স্বীকৃতি আৰু তাক পূৰণ কৰাৰ বৈধ ব্যৱস্থা ৰখা হৈছে। একেদৰে ক্রীতদাস/দাসীসকলৰ যৌন চাহিদা পূৰণৰ বৈধ ব্যৱস্থাও ইছলামত থাকিব এইটোৱেই স্বাভাৱিক। ক্রীতদাসীক পতিতাবৃত্তিত নিযুক্ত কৰাৰ দৰে ঘৃণনীয় প্রথাক ইছলামে নিষিদ্ধ কৰিছে। নিজ ক্রীতদাসীক শিক্ষা-দীক্ষা দি মুক্ত কৰি বিবাহ কৰিবলৈ উৎসাহিত কৰিছে। কিন্তু কোনো কাৰণত মুনিবে যদি ক্রীতদাসীক মুক্ত কৰিবলৈ অপাৰগ হয়, তেনেক্ষেত্ৰত হয়তো তেওঁক নিজৰ সৈতে জৈৱিক বন্ধনত আবদ্ধ ৰাখিব (উপপত্নী হিচাবে) অথবা অন্য কাৰো বিবাহাধীনত দি দিব।
অর্থাৎ যিকোনো অৱস্থাত ক্রীতাদাসীৰ জৈৱিক চাহিদা পূৰণৰ ব্যৱস্থা নিশ্চিত কৰিব লাগিব। ক্রীতদাসীক বিবাহ প্রদানৰ মাধ্যমতেই য’ত তেওঁৰ জৈৱিক চাহিদা পূৰণ সম্ভৱ আছিল তাত মুনিবৰ কাৰণে ক্রীতাদাসীৰ সৈতে দৈহিক সম্পর্ক স্থাপনৰ অধিকাৰ বাহাল ৰখাৰ যৌক্তিকতা:

⏩মনত ৰাখিব লাগিব ইছলামে ক্রীতদাসীৰ সৈতে মুনিবৰ দৈহিক সম্পর্কৰ সূত্রপাত ঘটোৱা নাই, বৰং দাসপ্রথাই য’ত ক্রীতদাসী যৌনপণ্যৰ দৰে যাৰ ইচ্ছা তাৰ উপভোগৰ সামগ্রী আছিল, ইছলামে সেইটোক এজন মাত্র পুৰুষৰ মাজত সীমাবদ্ধ কৰিছে। সেই পুৰুষ হয়তো তাৰ মুনিব অথবা তেওঁক বিবাহকাৰী স্বামী। 

◾◾এজনী ক্রীতদাসীৰ কাৰণে অন্য কোনো পুৰুষক বিবাহ কৰাতকৈ নিজ মুনিবৰ সৈতে দৈহিক বন্ধনত আবদ্ধ হোৱাৰ সুবিধা হৈছে:

⏩সন্তানৰ মুক্তি:

দাসপ্রথা অনুসাৰে এজন মুনিবৰ ক্রীতদাসীৰ সন্তান (যিজন উক্ত মুনিবৰ ঔৰসজাত নহয়, ক্রীতদাসীৰ স্বামীৰ সন্তান) উক্ত মুনিবৰ ক্রীতদাস হিচাবে গণ্য হয়।

⏩কিন্তু ক্রীতদাসীৰ সন্তান যদি মুনিবৰ ঔৰসজাত হয়, তেন্তে সেয়া উক্ত মুনিবৰ সন্তান হিচাবে গণ্য হয়। ফলত সেই সন্তান স্বাধীন ও পিতাৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়।

⏩ক্রীতদাসীৰ সামাজিক মর্যাদা ও মুক্তিৰ সুযোগ
আমি আগতেই দেখি আহিছো, ইছলামত মুনিবৰ সৈতে দৈহিক সম্পর্ক স্থাপনকাৰী ক্রীতদাসী তথা উপপত্নী বেছি সংখ্যকেই তেওঁৰ স্ত্রী-সদৃশ।

#⃣ইছলামত মুনিবৰ সন্তানধাৰণকাৰী ক্রীতদাসীৰ সামাজিক মর্যাদাক নিশ্চিত কৰাৰ লগতে মুক্তিৰ এটি পথও উন্মুক্ত কৰিছে:

⏩ক্রীতাদাসী মুনিবৰ সন্তান গর্ভত ধাৰণ কৰাৰ লগে লগে মুনিবৰ কাৰণে উক্ত ক্রীতদাসীক বিক্রয় কৰা নিষিদ্ধ হৈ যায়। ফলত উক্ত ক্রীতদাসী মুনিবৰ পৰিবাৰৰ স্থায়ী সদস্যত পৰিণত হয়। [১৪]

⏩ক্রীতদাসীয়ে মুনিবৰ সন্তান প্ৰসৱ কৰিলে (জীৱিত অথবা মৃত) উক্ত ক্রীতদাসী ‘উম ওৱালাদ’ বা ‘সন্তানৰ মা’ হিচাবে অভিহিত হয়। সেই সন্তান মুনিবৰ বৈধ, স্বাধীন সন্তান হিচাবে পৰিগণিত হয় আৰু পিতাৰ সম্পত্তিৰ ঠিক তেনেকুৱা উত্তৰাধিকাৰ পায় যেনেকৈ স্ত্রী’ৰ সন্তানসকলে পাই থাকে।

⏩মুনিবৰ মৃত্যুৰ পিছত ‘উম ওৱালাদ’ ক্রীতদাসী মুক্ত হৈ যায়। [১৫]

সেয়ে, দেখা গৈছে ক্রীতদাস প্রথাত ক্রীতদাসীৰ ওপৰত অনিয়ন্ত্রিত যি যৌনাচাৰৰ সুযোগ আছিল, ইছলামে তাক নিয়ন্ত্রিত, মানৱিক কৰি তুলি প্রচলিত উপবৈবাহিক বন্ধনৰ মাধ্যমত স্ত্রীৰ সৈতে সাদৃশ্যপূর্ণ, বৈধ ও মর্যাদাপূর্ণ অৱস্থানত লৈ গৈ –

এফালে ক্রীতদাসীৰ সন্তানক মুক্ত, বৈধ ও পিতাৰ সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাৰ সুযোগ দিছে, আনফালে ক্রীতদাসীক দিছে এটি পাৰিবাৰিক ঠিকনা ও মুক্তিৰ পথ।

#পৰিশেষ:
সমালোচনা কৰাই যাৰ লক্ষ্য তেওঁলোকে সমালোচনা কৰিবই, কিন্তু চিন্তা ও উপলদ্ধিৰ দ্বাৰা যিসকলে এতিয়াও বন্ধ কৰা নাই আশা কৰোঁ লেখাটি পঢ়ি স্পৰ্শকাতৰ এই বিষয়টি সম্পর্কে তেওঁলোকৰ বহু ভুল ধাৰণাৰেই অৱসান ঘটিব ইন শ্বা আল্লাহ।

পৰিশেষত এটা হাদীছৰ দ্বাৰা পৰিসমাপ্তি ঘটাইছো!!

আব্দুল্লাহ ইবনু ‘আমৰ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত। তেওঁ কৈছে, এদিন তেওঁৰ কৰ্মচাৰীয়ে তেওঁৰ ওচৰত উপস্থিত হোৱাত তেওঁক প্ৰশ্ন কৰিলে, তুমি মোৰ অধীনস্থ দাসবোৰক তেওঁলোকৰ পাৰিশ্রমিক দিছানে? তেওঁ ক’লে, নাই। তেখেতে ক’লে, যোৱা! এতিয়াই তেওঁলোকৰ খোৰাকি আদায় কৰা। কিয়নো, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছেঃ কোনো মানুহৰ গুনাহৰ কাৰণে এইটোৱেই যথেষ্ট যে, অধীনস্থ দাসক তাৰ প্রাপ্যাধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।

অন্য বর্ণনাত কৈছে, কোনো মানুহৰ গুনাহৰ কাৰণে এইটোৱেই যথেষ্ট যে, প্ৰাপ্যসকলৰ প্রাপ্য হক্ক নষ্ট কৰা। (মুছলিম)[1]

[1] ছহীহ : মুছলিম হা/৯৯৬, ইৰওৱা ৮৯৪, ছহীহ ইবনু হিব্বান হা/৪২৪১, ছহীহ আত্ তাৰগীব হা/২২৮৭। হাদিছৰ মানঃ ছহীহ (Sahih) http://www.hadithbd.com/share.php?hid=68673

তথ্যসূত্র ও ৰেফাৰেন্স:

1⃣প্রাসঙ্গিক অংশ, কোৰআন ৪:২৫]
2⃣আবু দাউদ হা/৪৪৫৯]
3⃣(ফাতাওৱা)মুৱাত্তা মালিক: বুক ২৮, হা/১১২৯
4⃣সূত্র ১৪ [তাবাৰানি’ৰ মু’যাম আল কাবিৰ, হা/৪১৪৭]
5⃣সূত্র: বুখাৰী, অধ্যায় ৪৬, হা/৭২০]
6⃣সূত্র: মুৱাত্তা মালিক, অধ্যায় ২৮, হা/১১৩০]
বায়হাকি’ৰ ছুনান আল কুবৰা, হা/১৮৬৮৫]
7⃣প্রাসঙ্গিক অংশ, কোৰআন ৪:২৪]
8⃣(আইন গ্রন্থ)Chapter II :The Army’s Treatment of the Disbelievers, passage 45, The Shorter Book on Muslim International Law, translated by Mahmood Ahmad Ghazi, মূল: কিতাবুচ ছিয়াৰ আচ ছাগিৰ, লেখক: মুহাম্মাদ ইবনুল হাছান আশ্ব শ্বায়বানী]
9⃣আবু দাউদ, হা/২১৫৮ ]
1⃣0⃣আবু দাউদ, হা/২১৫৭, ২১৫৮]
1⃣1⃣দ্রষ্টব্য: সূত্র-৪ আবু দাউদ, হা/৪১১৩]
1⃣2⃣(ফাতাওৱা) মুৱাত্তা মালিক: বুক ২৮, হা/১১২৯
1⃣3⃣আবু দাউদ, হা/৪৪৫৯]
1⃣4⃣তাবাৰানি’ৰ মু’যাম আল কাবিৰ, হা/৪১৪৭
1⃣5⃣সূত্র: মুছান্নাফ ইবনে আবি শ্বাইবা, হা/২১৮৯৪, তিৰমিযী, হা/৩৩৯৪]

#JBRNLB0012/18

Leave a comment