============================
আমি বহু ক্ষেত্ৰত ইচলামিক পোষ্ট অথবা লিখনি সমূহত মন্তব্য দিয়াৰ ক্ষেত্ৰত সচেতন নহয়। অধিকাংশ পোষ্টত দেখা যায় ‘আমিন’ (কবুল কৰা)বুলি কমেন্ট কৰো। যদিওবা পোষ্টটোত কোনে কবুল কৰিব? কি কবুল কৰিব?? সেই বিষয় পৰিস্কাৰ নহয়। ইয়াৰ উপৰিও আজাবৰ কথা শুনিলেও একাংশই অজ্ঞতাৰ বাবেও “আমিন” কোৱা দেখা যায়; অথচ লিখনিটোত দোৱা নাই। এইক্ষেত্রত চাৱাবৰ পৰিবৰ্তে গুনাহ হোৱাৰহে সম্ভাৱনা থাকে।
আহক জানি লও ইচলামিক লিখনিত কমেন্ট কৰাৰ নিয়মসমূহঃ
যেতিয়া আল্লাহ্ তা’লাৰ প্রশংসা, একত্ববাদৰ কথা লিখা দেখা যায় তেতিয়া কোৱা উচিৎ “আল্লাহু আকবাৰ’ বা “আল্লাহ মহান”।
এই ক্ষেত্রত আমিন কব’লৈ হ’লে অৱশ্যেই দোৱা কৰি পিছত ক’ব লাগিব বা পোষ্টোৰ শেষত দোৱা থাকিলে ক’ব পাৰি।
যেতিয়া আল্লাহ তা’লাৰ নাইবা ৰছুলুল্লাহ ছাল্লাল্লহু আলাইহি অছাল্লামৰ ওয়াদা বা প্ৰতিশ্ৰুতি কৰাৰ কথা লিখা দেখা যায় কোৱা উচিৎ “চুবহান আল্লাহ্” বা “আল্লাহ পৱিত্র।
এই ক্ষেত্রতো আমিন কোৱাৰ আগত দোৱা কৰিব লাগিব বা পোষ্টত দোৱা থাকিব লাগিব।
যেতিয়া আল্লাহৰ প্রদত্ত নিয়ামত ও দানৰ কথা লিখা দেখিব; তেতিয়া কোৱা উচিৎ “আলহামদুলিল্লাহ”। দোৱা থাকিলে বা নিজে দোৱা কৰি আমিন কব লাগিব। “আজাব”ৰ কথা, আল্লাহৰ দিয়া সাৱধানবাণী, নবী(ছ:) ৰ সাৱধান কৰা হাদীছ; এইসমূহৰ ক্ষেত্ৰত “নাউজুবিল্লাহ”, “আস্তাগফিৰুল্লাহ” লগতে দোৱা কৰি বা দোৱা থাকিলে আমিন কোৱা উচিৎ।
যদি কোনো কামৰ অঙ্গীকাৰ বা কৰাৰ নিয়ত সংক্ৰান্তীয় জাতীয় লিখা থাকিলে “ইন শ্বা আল্লাহ” বা “আল্লাহে বিছাৰিলে” এই দোৱা আৰু ইংৰাজীত লিখিলে In sha Allah এইদৰে ভাঙনি কৰি লিখিব লাগিব; অন্যথা শব্দটোৰ অৰ্থ সলনি হ’লে গুনাহগাৰ হোৱাৰ সম্ভাৱনা থাকে।
কোনো ব্যক্তিৰ মৃত্যুৰ সংবাদ দেখিলে “ইন্নালিল্লাহি ওয়াইন্না ইলাইহি ৰজিউন” পঢ়িব বা দোৱা থাকিলে বা নাথাকিলে নিজে লিখি হয় শেষত আমিন ক’ব।
যিসকলে ইংৰাজী আখৰেৰে কমেন্ট কৰে তেওলোকে নিম্নোক্ত নিয়ম খিনি মনোযোগ দিয়কঃ
Subhan Allah (সুবহান আল্লাহ্)
Alhamdulillah (আলহামদুলিল্লাহ)
Allahu Akbar (আল্লাহু আকবাৰ)
Nauzubillah (নাউযুবিল্লাহ)
Astagfirullah (আসতাগফিরুল্লাহ)
Innalillah (ইন্নালিল্লাহ)
Ameen (আমিন)
Innalillahi wainnailaihi Rojiun
(ইন্নালিল্লাহি ওয়া ইন্না ইলাইহি ৰজিউন)
আল্লাহ তা’লাই আমাক সকলোকে দ্বীনৰ সঠিক ইলম লোৱাৰ বাবে তৌফি কদান কৰক।