আশূৰাৰ ৰোজা

———আচ্ছালামু আলাইকুম———

      ———আশূৰাৰ ৰোজা———

মহৰম মাহৰ ৰোজাৰ ভিতৰত আটাইতকৈ বেছি তাকীদপ্রাপ্ত হ’ল এই মাহৰ ১০ তাৰিখ আশূৰাৰ দিনৰ ৰোজা। ৰমজানৰ ৰোজা ফৰজ হোৱাৰ আগতে এই ৰোজা ওৱাজিব আছিল। ৰুবাইয়ে’ বিন্তে মুআউবিযে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে আশূৰাৰ ৰাতিপুৱা মদ্বীনাৰ আশে-পাশে আনচাৰসকলৰ বস্তিয়ে বস্তিয়ে খবৰ পঠিয়াই দিলে যে,

‘‘যি ব্যক্তিয়ে ৰোজা অৱস্থাত প্ৰভাত কৰিছে, সি যেন তাৰ ৰোজা পূর্ণ কৰি লয় আৰু যি ব্যক্তিয়ে ৰোজা নৰখা অৱস্থাত প্ৰভাত কৰিছে সিও যেন তাৰ বাকী দিন পূর্ণ কৰি লয়।’’

ৰুবাইয়ে’ কৈছে, ‘আমি তাৰ পিছৰ পৰা এই ৰোজাা ৰাখিছিলোঁ আৰু আমাৰ সৰু সৰু বাচ্চাবোৰেও ৰাখিছিল। সিহঁতৰ কাৰণে তুলাৰ খেলনা তৈয়াৰ কৰিছিলোঁ আৰু সিহঁতক মছজিদলৈ লৈ গৈছিলোঁ। ইয়াৰ পিছত সিহঁতৰ ভিতৰত কোনোবাই খোৱা-বস্তুৰ কাৰণে কান্দিবলৈ আৰম্ভ কৰিলে তাক এই খেলনা দিছিলোঁ আৰু এনেকৈয়ে ইফতাৰৰ সময় উপস্থিত হৈছিল।’[1]

মা আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, ‘কুৰাইছসকলে জাহেলিয়াতৰ যুগত আশূৰাৰ ৰোজা পালন কৰিছিল আৰু আল্লাহৰ ৰাছূূল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামেও জাহেলিয়াতৰ সেই ৰোজা ৰাখিছিল। (সেই দিনটো আছিল কাবা গৃহৰ গিলাফ আঁতৰোৱাৰ দিন)। ইয়াৰ পিছত তেওঁ যেতিয়া মদ্বীনালৈ আহিল, তেতিয়াও তেওঁ সেই ৰোজা ৰাখিলে আৰু সকলোকে ৰাখিবলৈ আদেশ দিলে। কিন্তু পৰৱর্তী কালত যেতিয়া ৰমজানৰ ৰোজা ফৰজ হ’ল, তেতিয়া আশূৰাৰ ৰোজা এৰি দিলে। তেতিয়া অৱস্থা এনে হ’ল যে, যাৰ ইচ্ছা সি ৰাখিব আৰু যাৰ ইচ্ছা নাথাকে সি নাৰাখিব।’[2]

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহাই কৈছে, মহানবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে যেতিয়া মক্কাৰ পৰা হিজৰত কৰি মদ্বীনালৈ আহিল, তেতিয়া দেখিলে, ইয়াহুদীসকলে আশূৰাৰ দিনা ৰোজা পালন কৰিছে। তেওঁ সিহঁতক প্ৰশ্ন কৰিলে, ‘‘এইটো কি দিন যে, তোমালোকে এই দিনত ৰোজা ৰাখিছা?’’ ইয়াহুদীসকলে ক’লে, ‘এইটো এটা উত্তম দিন। এই দিনত আল্লাহে বানী ইস্ৰাঈলক সিহঁতৰ শত্রুৰ পৰা পৰিত্রাণ দিছিল। সেয়ে মূছা (আঃ)য়ে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্যে এই দিনত ৰোজা পালন কৰিছিল। (আৰু সেই কাৰণেই আমিও এই দিনত ৰোজা পালন কৰি থাকো।)’

এই কথা শুনি মহানবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ক’লে, ‘‘মূছাৰ স্মৃতি পালন কৰাৰ ক্ষেত্ৰত তোমালোকতকৈ মই অধিক হকদাৰ।’’ গতিকে তেওঁ নিজে সেই দিনত ৰোজা ৰাখিলে আৰু সকলোকে ৰোজা ৰাখিবলৈ আদেশ দিলে।[3]

কোৱা বাহুল্য যে, উক্ত আদেশ আছিল মুস্তাহাব। যেনেকৈ মা আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ উক্তিত সি স্পষ্ট। তাৰোপৰি মহানবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, ‘‘আজি আশূৰাৰ দিন; এই ৰোজা আল্লাহে তোমালোকৰ ওপৰত ফৰজ কৰা নাই। তথাপি মই ৰোজা ৰাখিছোঁ। গতিকে যাৰ ইচ্ছা সি ৰোজা ৰাখিব আৰু যাৰ ইচ্ছা নাই সি নাৰাখিব।’’[4]

আবু কাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত¸ তেওঁ কৈছে, আল্লাৰ ৰাছূল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে আশূৰাৰ দিনা ৰোজা ৰখা প্রসঙ্গত প্ৰশ্ন কৰাত তেওঁ ক’লে, ‘‘মই আশা কৰোঁ যে, (উক্ত ৰোজাই) বিগত এক বছৰৰ পাপৰাশি মোচন কৰি দিব।’’[5]

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, তেওঁ কৈছে, ‘আল্লাহৰ ৰাছূল চাাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে ৰমজানৰ ৰোজাৰ পিছত আশূৰাৰ দিনৰ বাহিৰে কোনো অন্য দিনকে অধিক মাহাত্ম্যপূর্ণ বুলি ভৱা নাছিল।’[6]  অনুৰূপ বর্ণিত আছে ছহীহ বুখাৰী আৰু ছহীহ মুছলিমত।[7]

এটা বর্ণনাত আছে, এই ৰোজা এক বছৰৰ ৰোজাৰ সমান।[8]

অৱশ্যে যি ব্যক্তিয়ে আশূৰাৰ ৰোজা ৰাখিব তাৰ কাৰণে তাৰ এদিন আগত (৯ তাৰিখেও) এটি ৰোজা ৰখা ছুন্নাত। যিহেতু ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে যেতিয়া আশূৰাৰ ৰোজা ৰাখিলে আৰু সকলোকে ৰখাৰ আদেশ দিলে, তেতিয়া মানুহবোৰে ক’লে, ‘হে আল্লাহৰ ৰাছূল! এই দিনটোকেই তো ইয়াহুদী ও নাছাৰাসকলে তা’যীম কৰি থাকে।’ তেওঁ ক’লে, ‘‘তেনেহ’লে আমি  অহা বছৰত ৯ তাৰিখেও ৰোজা ৰাখিম ইন শ্বা আল্লাহ।’’ কিন্তু পৰৱৰ্তী বছৰ অহাৰ আগতেই আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ ইন্তিকাল হয়।[9]

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘তোমালোকে ৯ আৰু ১০ তাৰিখে ৰোজা ৰাখা।’[10]

পক্ষান্তৰে ‘‘তোমালোকে ইয়াৰ এদিন আগত বা এদিন পিছত এটি ৰোজা ৰাখা’’ -এই হাদীছ ছহীহ নহয়।[11]

তদনুৰূপ ছহীহ নহয় এই হাদীছ- ‘‘তোমালোকে ইয়াৰ এদিন আগত এটি আৰু এদিন পিছতো এটি ৰোজা ৰাখা।’’[12]

কোৱা বাহুল্য, ৯ আৰু ১০ তাৰিখেই ৰোজা ৰখা ছুন্নাত। পক্ষান্তৰে কেৱল ১০ তাৰিখে ৰোজা ৰখা মকৰূহ।[13] যিহেতু তাতে ইয়াহুদীসকলৰ সাদৃশ্য সাধন হয় আৰু সি মহানবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ আশাৰ প্রতিকূল। অৱশ্যে কিছুমানে কয়, ‘মকৰূহ নহয়। কিন্তু কোনোবাই এদিন (কেৱল আশূৰাৰ দিনা) ৰোজা ৰাখিলে পূর্ণ চওৱাবৰ অধিকাৰী নহব।’

জ্ঞাতব্য যে, হুছাইন ৰাদ্বিয়াল্লাহু আনহুৰ এই দিনত শ্বহীদ হোৱাৰ সৈতে এই ৰোজাৰ নিকটতম অথবা দূৰতম কোনো সম্পর্ক নাই। কাৰণ, তাৰ পূর্বেই মহানবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম; বৰং তেওঁৰ পূর্বে মূছা (আঃ)য়ে এই দিনত ৰোজা ৰাখি গৈছে।

আনহাতে এই দিনত শিয়া সম্প্রদায়ে যি মাতম ও শোক পালন, মুখ ও বুকু ফলা, গালত থাপৰ মাৰা, চুলি-জামা ছিগা, পিঠিত চাবুক মাৰি আত্মপ্রহাৰ ইত্যাদি কৰি থাকে, সি জঘন্যতম বিদ‘আত। ছুন্নাহত এইবোৰৰ কোনো ভিত্তি নাই।

তদনুৰূপ এই দিনত নিজ পৰিবাৰ-পৰিজনৰ ওপৰত খৰচ বৃদ্ধি কৰা, বিশেষ কোনো নামাজ পঢ়া, দান-খয়ৰাত কৰা, বিশেষকৈ চৰবত-পানী দান কৰা, কলফ ব্যৱহাৰ কৰা, তেল সনা, চুৰমা ব্যৱহাৰ কৰা প্রভৃতি বিদ‘আত। এই সকলোবোৰ বিদ‘আত   হুছাইন ৰাদ্বিয়াল্লাহু আনহুৰ খুনীসকলেই আৱিষ্কাৰ কৰি গৈছে।[14]

[1] (আহমাদ, মুছনাদ ৬/৩৫৯, বুখাৰী ১৯৬০, মুছলিম ১১৩৬, ইবনে খুযাইমাহ, ছহীহ ২০৮৮নং, বাইহাকী ৪/২৮৮)
[2] (বুখাৰী ১৯৫২, ২০০২, মুছলিম ১১২৫নং প্রমুখ)
[3] (বুখাৰী ২০০৪, মুছলিম ১১৩০নং)
[4] (বুখাৰী ২০০৩, মুছলিম ১১২৯নং)
[5] (আহমাদ, মুছনাদ ৫/২৯৭, মুছলিম ১১৬২, আবূ দাঊদ ২৪২৫, বাইহাকী ৪/২৮৬)
[6] (ত্বাবাৰানী, মু’জাম আওচাত্ব, ছহীহ তাৰগীব, আলবানী ১০০৬ নং)
[7] (বুখাৰী ২০০৬, মুছলিম ১১৩২নং)
[8] (ইবনে হিব্বান, ছহীহ ৩৬৩১নং)
[9] (মুছলিম ১১৩৪, আবূ দাঊদ ২৪৪৫নং)
[10] (বাইহাকী ৪/২৮৭, আব্দুৰ ৰায্যাক, মুছান্নাফ ৭৮৩৯নং)
[11] (ইবনে খুযাইমাহ, ছহীহ ২০৯৫নং, আলবানীৰ টোকা দ্রঃ)
[12] (যামাঃ ২/৭৬ টোকা দ্রঃ)
[13] (ইবনে বায, ফাতাওৱা ইছলামিয়্যাহ ২/১৭০) [14] (তামামুল মিন্নাহ, আল্লামা আলবানী ৪১২পৃঃ দ্রঃ)।

যিহেতু মহৰম মাহৰ ১০ তাৰিখে ইয়াহুদী-নাছাৰাসকলেও ৰোজা ৰাখিব, সেয়ে আশুৰাৰ দিনা আৰু তাৰ আগৰ দিনাও ৰোজা ৰাখিব লাগিব। আশুৰাৰ দিনা আৰু তাৰ পিছৰ দিনা ৰোজা ৰখাৰ হাদীছটো ছহীহ নহয়।

গতিকে ৰোজা ৰাখিব লাগিব, অহা ১১ ই অক্টোবৰ মঙ্গলবাৰ ও ১২ ই অক্টোবৰ বুধবাৰ ২০১৬ ইং।

গ্ৰন্থ : ৰমজানৰ ফাযায়েল ও ৰোজাৰ মাছায়েল

লেখক : আব্দুল হামীদ ফাইযী
Collected & edited.
#JBR

Leave a comment