আল্লাহৰ_পথ_এটাই …126 তৰীকা নহয়।

আল্লাহৰ_পথ_এটাই …126 তৰীকা নহয়।
———————————————————–
বিভিন্ন পথ অনুসৰণ কৰিবলৈ আল্লাহ তা’আলাই নিষেধ কৰিছে।

জাবিৰ ইবনে আব্দুল্লাহ (ৰাঃ)-য়ে কৈছে- আমি নাবী চাল্লাললাহু আলাইহি ওৱা ছাল্লামৰ ওচৰত উপস্থিত থকা অৱস্থাত তেওঁ এডাল সৰলৰেখা আঁকিলে। ইয়াৰ পিছত তাৰ সোঁ-ফালে দুডাল সৰলৰেখা আঁকিলে আৰু বাওঁ-ফালেও দুডাল সৰলৰেখা আঁকিলে। তাৰ পিছত তেওঁ মধ্যৱর্তী ৰেখাডালৰ ওপৰত তেওঁৰ হাত ৰাখি ক’লে, “এইটো আল্লাহৰ পথ”। ইয়াৰ পিছত তেওঁ এই আয়াত তিলাওৱাত কৰে-

“তোমালোকক এই নির্দেশ দিয়া হৈছে, যাতে তোমালোকে উপদেশ গ্রহণ কৰা। নিশ্চিতভাৱে এইটো আমাৰ সৰল পথ। গতিকে, তোমালোকে এই পথৰেই অনুসৰণ কৰা আৰু বিভিন্ন পথ অনুসৰণ নকৰিবা¸ অন্যথায় সেইবোৰ পথে তোমালোকক তেওঁৰ (আল্লাহৰ) পথৰ পৰা বিচ্ছিন্ন কৰি দিব। তোমালোকক এই নির্দেশ দিয়া হৈছে, যাতে তোমালোকে সংযত হোৱা” (ছূৰা আন’আম- ১৫৩)।

[ছুনানে ইবনে মাজাহ, হা/১১;
 মুছনাদে আহমাদ, ৩/৩৯৭, হা/১৫২৭৭]

#তাহক্কীক্ক-

ইমাম নাছিৰুদ্দিন আলবানী (ৰহঃ)-য়ে কৈছে- হাদীছটি ছহীহ।
(নাছিৰুদ্দিন আলবানী, তাহক্কীক ইবনে মাজাহ, হা/১১)

হামযাহ আহমাদ যাঈনে কৈছে, ইয়াৰ চনদ হাছান।
(হামযাহ আহমাদ যাঈন, তাহক্কীক মুছনাদে আহমাদ, ৩/৩৯৭, হা/১৫২১৩)

আহমাদ শ্বাকিৰে কৈছে, ইয়াৰ চনদ ছহীহ।
(আহমাদ শ্বাকিৰ, তাহক্কীক মুছনাদে আহমাদ, ১/৪৩৫, হা/৪১৪২)

শু’আইব আৰনাউত্বে কৈছে, ইয়াৰ চনদ হাছান।
(শু’আইব আৰনাউত্ব, তাহক্কীক ইবনে হিব্বান, হা/৭)

হুছাইন চালীম আছাদ দাৰানীয়ে কৈছে, ইয়াৰ চনদ হাছান।
(হুছাইন চালীম আছাদ দাৰানী, তাহক্কীক দাৰিমী, হা/২০৮)

গতিকে, উক্ত হাদীছটি ছহীহ। সেয়েহে আমি সকলোৱে তাক্কলীদমুক্ত হৈ কুৰআন আৰু ছহীহ হাদীছ দৃঢ়ভাৱে গ্রহণ কৰা ও আমল কৰা উচিত।

Leave a comment