আল্লাহৰ ৰাছূলৰ (চাল্লাল্লাহু আলাইহি অছাল্লাম) ওচৰত টপ ইলেভেন বা ‘শ্ৰেষ্ঠ এঘাৰ’

আল্লাহৰ ৰাছূলৰ (চাল্লাল্লাহু আলাইহি অছাল্লাম) ওচৰত টপ ইলেভেন বা ‘শ্ৰেষ্ঠ এঘাৰ’
“”””””””””””””””””””””””””””””””””””””””””””””””
১- তোমালোকৰ মাজত সৰ্বশ্ৰেষ্ঠ তেওঁ যিয়ে কুৰআন শিকে আৰু শিকায়। (বুখাৰী, পর্ব: ফাজায়েলুল কুৰআন, অধ্যায়: ২১ হাদীছ নং: ৫০২৭)

২- নিশ্চয় তোমালোকৰ মাজত সর্বশ্রেষ্ঠ তেওঁ যিজন তোমালোকৰ মাজত সর্বোত্তম আচৰণৰ অধিকাৰী। (বুখাৰী, পর্ব: শিষ্টাচাৰ, অধ্যায়: উত্তম চৰিত্র, হাদীছ নং: ৬০৩৫)

৩- তোমালোকৰ মাজত সর্বোত্তম ব্যক্তি তেওঁ যিয়ে ঋণ পৰিশোধৰ ক্ষেত্ৰত উত্তম। (বুখাৰী, পর্ব: উকীল নিযুক্তকৰণ, অধ্যায়: ৬, হাদীছ নং: ২৩০৫)

৪- তোমালোকৰ মাজত সৰ্বোত্তম তেওঁ যাৰ ওচৰৰ পৰা সকলোৱে কল্যাণ আশা কৰে, অনিষ্টৰ আশংকা নকৰে। (তিৰমিযী, পর্ব: ফিতনা, অধ্যায়: ৭৬, হাদীছ নং: ২২৬৩/২৪৩২)

৫- তোমালোকৰ মাজত সৰ্বোত্তম তেওঁ যিয়ে তাৰ পৰিবাৰৰ ওচৰত উত্তম। (ইবনে হিব্বান, পর্ব: বিবাহ, অধ্যায়: স্বামী-স্ত্রীৰ জীৱনাচাৰ, হাদীছ নং: ৪১৭৭)

৬- তোমালোকৰ মাজত সৰ্বোত্তম তেওঁ যিয়ে খাদ্যদান কৰে আৰু চালামৰ জবাব দিয়ে। (ছহীহুল জা-মি’, হাদীছ নং: ৩৩১৮).

৭- তোমালোকৰ মাজত সর্বোত্তম সেই ব্যক্তি যিয়ে ছালাতত কোমল-স্কন্ধ। (অর্থাৎ কোনোৱে নামাজৰ কাতাৰত প্ৰৱেশ কৰিব বিচাৰিলে কান্ধ কোমল কৰি তাক সুযোগ দিয়ে)। (আবূ দাঊদ, পর্ব: ছালাহ, অধ্যায় ৯৬, হাদীছ নং: ৬৭২)

৮- শ্ৰেষ্ঠ মানুহ তেওঁ যাৰ বয়স বেছি আৰু কর্ম ভাল হয়। (জা-মিউল আহাদীছ, হাদীছ নং: ১২১০১)

৯- শ্ৰেষ্ঠ মানুহ তেওঁ যিজন মানৱতাৰ কাৰণে অধিক কল্যাণকৰ-উপকাৰী। (ছহীহুল জা-মি’, হাদীছ নং: ৩২৮৯)

১০- শ্রেষ্ঠ মানুহ হ’ল যাৰ অন্তৰ পৰিচ্ছন্ন আৰু মুখ সত্যবাদী। চাহবীসকলে প্রশ্ন কৰিলে-সত্যবাদী মুখ বুজা গ’ল, কিন্তু পৰিচ্ছন্ন অন্তৰবিশিষ্ট কোন? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, যি অন্তৰ স্বচ্ছ-নির্মল, মুত্তাক্বী, য’ত কোনো পাপ নাই, সীমালংঘন বা জুলুম নাই, নাই খিয়ানত ও বিদ্বেষ। (ছহীহুল জা-মি’, হাদীছ নং: ৩২৯১)

১১- আল্লাহৰ ওচৰত সর্বোত্তম সঙ্গী তেওঁ যিজন তাৰ সঙ্গীৰ ওচৰত উত্তম, আৰু আল্লাহৰ ওচৰত সর্বোত্তম প্রতিবেশী তেওঁ যিজন তাৰ প্ৰতিবেশীৰ ওচৰত উত্তম। (তিৰমিযী, পর্ব: সদ্ব্যৱহাৰ ও সুসম্পর্ক, অধ্যায়: ২৮, হাদীছ নং: ১৯৪৪)

আল্লাহ তা’আলাই আমাক সর্বোত্তম মানুহৰ সকলোবোৰ গুণ দান কৰক আৰু প্রকৃত হিৰো হোৱাৰ তৌফিক দান কৰক।

(বি:দ্র: পোষ্টত উল্লেখেতি সকলোবোৰ হাদীছ বিশুদ্ধতাৰ মানদণ্ডত উত্তীর্ণ।)

~শাইখ আহমাদ উল্লাস।

#JBRNLB0004/18

Leave a comment